মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম

বস্ত্ৰশিল্প ভাৰত-২০১৭

গুজৰাটৰ গান্ধীনগৰত ২০১৭ৰ ৩০ জুন তাৰিখৰ পৰা একে বৰ্ষৰে দ্বিতীয় জুলাইলৈ আয়োজন কৰা “বস্ত্ৰশিল্প ভাৰত-২০১৭”তো সহকাৰী ৰাজ্য হিচাপে অসম, হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ে অংশ গ্ৰহণ কৰে। এইয়া হৈছে বিশ্বৰ বস্ত্ৰশিল্পৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এক বৃহত্ প্ৰদৰ্শনী অনুষ্ঠান।

ভাৰতৰ মাননীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে এই প্ৰদৰ্শনীখনৰ উদ্বোধন কৰে আৰু লগতে অসম পেভিলিয়ন পৰিদৰ্শন কৰে।

  • প্ৰদৰ্শনী-অসম পেভিলিয়ন

  

  • ৰাজ্যিক অভিৱৰ্তন – “অসমত প্ৰৱেশ কৰক”

এক সহকাৰী ৰাজ্য হিচাপে হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়, অসমে আমাৰ বস্ত্ৰশিল্প উত্তৰাধিকাৰতা আৰু ৰাজ্যখনত উপলব্ধ সুযোগ নিবেদন আৰু প্ৰদৰ্শন কৰাৰ সুবিধাও গ্ৰহন কৰে।

  

অভ্যাগতৰ বাবে জলপানৰ ব্যৱস্থা- এক অনন্য সোৱদযুক্ত অসমৰ চাঁহ।

(শ্ৰীমতি কাব্যশ্ৰী বৰগোহাইৰ দ্বাৰা ঔটেঙা প্ৰকল্প, এন.আই.ডি. স্নাতক)

  • ঘুৰণীয়া মেজ অভিৱৰ্তন - “অসমৰ জনজাতীয় বস্ত্ৰশিল্প”

হস্ততাঁত ৰপ্তানি উন্নয়ন পৰিষদে ভাৰতৰ জনজাতীয় বস্ত্ৰশিল্প বিষয়ত আয়োজন কৰা ঘুৰণীয়া মেজ অভিৱৰ্তনত অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ আয়ুক্ত আৰু সচিব, আই.এ.এছ. শ্ৰী মুকুল গগৈয়েও মূখ্য বক্তা হিচাপে এক পৰিবেশনো আগবঢ়াই।
অংশগ্ৰহনকাৰী সহযোগীসকলেও অনুষ্ঠানটোৰ শেষৰ দিনা তেওঁলোকৰ কিছু সামগ্ৰী বিক্ৰী কৰে। দেশী-বিদেশী ক্ৰেতাৰ এড়ী আৰু পাটমুগাৰ বস্ত্ৰ তথা কাপোৰ-কানি সম্পৰ্কীয় বহু সংখ্যক প্ৰশ্নও নথিভুক্ত কৰা হয়। অসম পেভিলিয়নৰ অনুষ্ঠানত সহযোগীসকলৰ অংশগ্ৰহনৰ ওপৰত কৰা প্ৰদৰ্শনৰ সংকলন তলত উল্লেখ কৰা হল।

Downloads
TitleSizeDetail
Performance On Participation In The Assam Pavilion At The Textiles India 2017354.49 KBswf-image