মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম

ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন কাৰ্যক্ৰম (এন.এইচ.ডি.পি.)

খণ্ড পৰ্য্যায় ক্লাষ্টাৰ

সংহত হস্ততাঁত উন্নয়ন আঁচনি (আই.এইচ.ডি.এছ), ব্যাপক হস্ততাঁত উন্নয়ন আঁচনি (চি.এইচ.ডি.এছ.), সংহত কৌশল বিকাশ আঁচনি (আই.এছ.ডি.এছ.) আৰু প্ৰযুক্তিবিদ্যা উন্নয়ন আদিৰ দৰে ব্যপক আঁচনি সমূহক একত্ৰীকৰণ কৰি ছত্ৰ আঁচনি ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন আঁচনিৰ (এন.এইচ.ডি.পি.) অধীনত হস্ততাঁত খণ্ডৰ উন্নয়ন সাধনৰ বাবে ভাৰত চৰকাৰে খণ্ড পৰ্য্যায় ক্লাষ্টাৰ গঠন কৰাৰ এক নতুন ধাৰণাৰ উদ্ঘাটন কৰে।

এই আঁচনিৰ মূল ধাৰণা হৈছে খণ্ডসমূহৰ শিপিনী সকলক তাঁতশালৰ পূৰ্ব আৰু পৰৱৰ্তী কাৰ্য্যক্ৰমৰ সকলো সুবিধা প্ৰদানৰ বাবে খণ্ড পৰ্য্যায়ত এটা উমৈহতীয়া সুবিধা কেন্দ্ৰৰ লগতে এটা উমৈহতীয়া সেৱা কেন্দ্ৰ স্থাপন কৰা। কম্পিউটাৰযুক্ত আৰ্হি আৰু পুস্তিকা সঞ্চালিত চিদ্ৰণ হৈছে অন্তৰ্ভুক্ত কৰা আন আন উপাদান যাৰ জৰিয়তে শিপিনী সকলে প্ৰয়োজনীয় আৰ্হি সমূহ বৈদ্যুতনিক ৰূপত আৰু লগতে জোকোৱাৰ্ড পুস্তিকাৰ ৰূপত ব্যৱহাৰ কৰাত সহায়ক হয়। শিপিনী সকলৰ কৌশল উন্নয়নৰ সুবিধাক বয়ন, ৰঞ্জন আৰু প্ৰৱন্ধকীয় আৰু তথ্য-প্ৰযুক্তি কৌশলৰ পৰা আৰ্হিপ্ৰস্তুতকৰণৰ সকলো বিষয়তে অন্তৰ্ভুক্ত কৰা হৈছে। এই আঁচনিয়ে অত্যাধুনিক উন্নত আৰ্হি, উন্নত আচবাব আৰু উচ্চ মানদণ্ডৰ ৰক্ষণাবেক্ষণকাৰী উপকৰণযুক্ত আধুনিক উৰণীয়া মাকো কাঠোমা তাঁতশালৰ সুবিধাও প্ৰদান কৰে।

২০০ লাখ টকাৰ বিনিয়োগৰ বাবে এক খণ্ড পৰ্য্যায় ক্লাষ্টাৰৰ বাজেটো কৰা হয়। এই প্ৰকল্প দ্বাদশ পৰিকল্পনাৰ কালছোৱাত ৰূপায়ন কৰাৰ পৰিকল্পনা কৰা হৈছে।

সঞ্চালকালয়ে ২০১৫-১৬ বৰ্ষত আঠটা প্ৰস্তাৱ প্ৰস্তাৱিত কৰে আৰু ভাৰত চৰকাৰে সকলো প্ৰকল্পত অনুমোদন জনায় আৰু লগতে ইয়াৰ ৰূপায়নকাৰী প্ৰতিষ্ঠানক প্ৰথম কিস্তিৰ পুঁজিও মূকলি কৰি দিয়ে। ক্লাষ্টাৰ উন্নয়ন কাৰ্য্যনিৰ্বাহক আৰু আৰ্হিপ্ৰস্তুতকৰ্তা অথবা বাণিজ্যিক কাৰ্য্যনিৰ্বাহক নিযুক্তিৰ লগতে আধাৰ সমীক্ষাৰ আয়োজনৰ জৰিয়তে প্ৰকল্পটিৰ ৰূপায়ন কাৰ্য্য আৰম্ভ কৰা হয়।

দ্বিতীয় পৰ্য্যায়ত পুনৰ ২০ প্ৰস্তাৱ ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰণালয়ৰ উন্নয়ন আয়ুক্তক প্ৰদান কৰা হয় আৰু ১৮টা খণ্ড পৰ্য্যায় ক্লাষ্টাৰ ৰূপায়নৰ অনুমোদনো লাভ কৰা হয়। ইয়াৰ পাছতো ২০১৬ বৰ্ষৰ ডিচেম্বৰ মাহত পূনৰ ২৮টা প্ৰস্তাৱ প্ৰদান কৰা হয় আৰু ইয়াৰে কেৱল চাৰিটা প্ৰস্তাৱতহে ২০১৬-১৭ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায়। গতিকে, সৰ্বমূঠ ৩০টা খণ্ড পৰ্য্যায় ক্লাষ্টাৰ অনুমোদন কৰা হয় আৰু আটাইবোৰৰ ৰূপায়ন অব্যাহত। সৰ্বমূঠ ৩০টা খণ্ড পৰ্য্যায় ক্লাষ্টাৰ অনুমোদন কৰা হয় আৰু আটাইবোৰৰ ৰূপায়ন অব্যাহত।


ক্ৰমিক নং

জিলা/উপ মণ্ডল

খণ্ডৰ নাম

প্ৰকল্প খৰচ (লাখ টকাৰ হিচাপত)

অন্তৰ্ভুক্ত কৰিবলগীয়া হিতাধিকাৰীৰ সংখ্যা

ৰূপায়নকাৰী সংস্থা

 

প্ৰথম পৰ্য্যায়

 

কামৰূপ

ৰামপুৰ

১৪১.৭৮

৮৪৬

সৰু তেজপুৰ মহিলা বি.কে.এছ.এছ. লিমিটেড

 

গোলাঘাট

কঠালগুৰি

১৪০.৫

৬২৮

খুমটাই বায়ন এছ.এছ. লিমিটেড

 

বৰপেটা

ভৱানীপূৰ

১৩৯.৪৯

৭০০

আৰ্টফেড (এপেক্স চছাইটি)

 

ধেমাজি

মাচখোৱা

১৮৩.২৯

১৫৫২

মাছখোৱা আৰিমত্তগড় বি.কে.এছ.এছ. লিমিটেড

 

কোকৰাঝাৰ

কোকৰাঝাৰ

১৮১.৬৩

১০০০

-ঐ-

 

বাক্সা

তামোলপুৰ

১৩৬.১৩

১০০০

-ঐ-

 

ওদালগুৰি

ক) ৰৌতা

১৩৫.৯৮৫

১০০০

-ঐ-

 

ওদালগুৰি

খ) কাজিমাটী

১০২.৩৭

৫০০

-ঐ-

 

 

দ্বিতীয় পৰ্য্যায়

 

কামৰূপ

চন্দ্ৰপূৰ

১৩৮.৫৯৫

৬৯৫

স্বদেশী হস্ততাঁত সমবায় সমিতি

 

বকো

১৩৯.৩৯

৬৮০

আৰ্টফেড

 

ৰাণী

১৩৪.৮৭

৭২৬

প্ৰগতি বি.কে.এছ.এছ. লিমিটেড

(ৰঙিয়া)

বিহদিয়া জাজিক্না

১৩৯.১

১০০০

গংগাবিল হস্ততাঁত আৰু বস্ত্ৰ এছ.এছ.এছ. লিমিটেড

মৰিগাঁও

কপিলী

১৪০.৬৮

৯৫৪

পূৱ বৰভোগীয়া বি.কে.এছ.এছ. লিমিটেড

গোলাঘাট

পদুমণি

১৪০.৩৬

৭৮৯

পুলিবৰ বি.কে.এছ.এছ. লিমিটেড

যোৰহাট

তিতাবৰ

১৪২.৯

৬০০

ভুলুকিচুক জনজাতি বি.এছ.এছ. লিমিটেড

লক্ষিমপূৰ

ঘিলামাৰী

১৪০.১২

৯৫৪

চাৰিকাৰিয়া বি.কে.এছ.এছ. লিমিটেড

দৰং

দলগাঁও শিয়ালমাৰি

১৩৯.৬৯

৮৮৬

কোনাকাটাপাৰা গ্ৰাম্য উন্নয়ন বি.কে.এছ.এছ. লিমিটেড

১০

 

পূব মঙ্গলদৈ

১৩৮.১১

১০০০

দক্ষিণ মঙ্গলদৈ বি.কে.এছ.এছ. লিমিটেড

১১

নলবাৰী

বৰক্ষেত্ৰী

১৪০.৬৮

৮০৭

গাল্ডিঘালা অনুসূচিত জাতি বি.কে.এছ.এছ. লিমিটেড

১২

 

পূব নলবাৰী

১৩৯.০২

৭৫০

নলবাৰী জিলা কেন্দ্ৰীয় এইচ.ডব্লিও.চি.এছ লিমিটেড

১৩

বাক্সা

গোৰেশ্বৰ

১৩৫.৬১

১০০০

ব্ৰাওফেড

১৪

চিৰাং

চিদলি

১৩৫.৬১

১০০০

ব্ৰাওফেড

১৫

কাচাৰ

বাচকান্দি

১৪০.৪২

১২০০

চন্দ্ৰপুৰ এইচ.ডব্লিও.চি.এছ লিমিটেড

১৬

কৰিমগঞ্জ

দুৰ্লভচ্চেৰা

১৩৯.৩৭

১০০০

ৰাতাবাৰী এছ.বি.এছ. লিমিটেডে

১৭

হাইলাকান্দি

আলগাপুৰ

১৪০.৫৯

৯৭৫

চিপুৰসংগম এইচ. এণ্ড টি. ডব্লিও.চি.এছ. লিমিটেড

১৮

ডিমা হাচাও

হৰংগজাও

১৩৭.০২

৬২৬

উত্তৰ কাচাৰ পাৰ্বত্য জনজাতীয় আঞ্চলিক এইচ.ডব্লিও.চি.এছ লিমিটেড

তৃতীয় পৰ্য্যায়

ওদালগুৰি

মাজবাট

১৭৯.৫৫

১০০০

ব্ৰাওফেড

ওদালগুৰি

ওদালগুৰি

১৭৯.৫৫

১০০০

ব্ৰাওফেড

নগাঁও

ৰহা

১৭৯

৯৫০

লক্ষিমী বি.কে.এছ.এছ. লিমিটেড

বিশ্বনাথ

বিহালি

১৭৭.২৪

১০৭৬

নবোদয় বি.কে.এছ.এছ. লিমিটেড

 চতুৰ্থ পৰ্য্যায়

ডিব্ৰুগড়

বৰবৰুৱা

১৮০.৮৭

৭১৬

তিনিচুকীয়া গাওঁ বি.কে.এছ.এছ. লিমিটেড

এতিয়ালৈ, ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰনালয়ৰ অধিনষ্ঠ উন্নয়ন আয়ুক্তৰ ওচৰত এন.এইচ.ডি.পি.ৰ অধিনত ২২টা খণ্ড পৰ্য্যায় ক্লাষ্টাৰৰ প্ৰস্তাৱ আৰু এটা ৰঞ্জন এককৰ প্ৰস্তাৱ মঞ্জুৰিৰ বাবে লম্বিত হৈ ৰৈছে।