মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম

বৃহত্ হস্ততাঁত ক্লাষ্টাৰ

শিৱসাগৰত বৃহত্ হস্ততাঁত ক্লাষ্টাৰ

  • কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰীয়ে ২০০৮-০৯ বৰ্ষতে নিজৰ বাজেট ভাষণত শিৱসাগৰ বৃহত্ হস্ততাঁত ক্লাষ্টাৰটো ঘোষণা কৰিছিল।
  • কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰণালয়ে এটা বৃহত্ হস্ততাঁত ক্লাষ্টাৰ শিৱসাগৰত প্ৰতিষ্ঠা কৰাৰ বাবে ২০০৯-২০১০ বৰ্ষত মঞ্জুৰী প্ৰদান কৰে।
  • কেন্দ্ৰীয় চৰকাৰে অধিকতম বাজেত্ হিচাপে সাত হাজাৰ লাখ টকা আগবঢ়াই।
  • ভাৰতৰ আহমেদাবাদস্থিত উদ্যমিতা বিকাশ প্ৰতিষ্ঠানক কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ অধীনষ্ঠ ব্যপক হস্ততাঁত ক্লাষ্টাৰ বিকাশ আঁচনিৰ অধীনত প্ৰকল্প ৰূপায়নৰ বাবে ক্লাষ্টাৰ পৰিচালনা আৰু কাৰিকৰী প্ৰতিষ্ঠান (চি.এম.টি.এ.) হিচাপে বাচনি কৰে।
  • প্ৰকল্পটোৰ অধীনত উমৈহতীয়া সুবিধা কেন্দ্ৰ (চি.এফ.চি.), কৰ্মপজা (উমৈহতীয় আৰু ব্যক্তিগত), ৰঞ্জক গৃহ, প্ৰযুক্তিবিদ্যা উন্নয়ন, কৌশল উন্নয়ন, ৰেচম কটা একক প্ৰতিষ্ঠাকৰণ আদিবোৰ শিৱসাগৰ জিলাৰ ৯টা খণ্ডত বিভিন্ন ৰূপায়নকাৰী এছ.ভি.পি.ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হব।
  • চাৰিটা খণ্ডৰ বাবে দুটা এছ.ভি.পি.ক পোনপটীয়া ভাৱে নিয়োগ কৰি ভাৰত চৰকাৰে শিৱসাগৰত বৃহত্ হস্ততাঁত ক্লাষ্টাৰ আঁচনি ৰূপায়ন কৰে।
  • শিৱসাগৰ খণ্ডৰ বাবে এম./এছ. ৰংপূৰ ওৱাইল্ড চিল্ক ফেব্ৰিক কো. লিমিটেড আৰু লাকোৱা, সোণাৰী আৰু ডিমৌ খণ্ডৰ বাবে এম./এছ. সৃষ্টি হেণ্ডলোম লিমিটেড।

খণ্ড অনুযায়ী প্ৰধান সফলতা সমূহ তলত উল্লেখ কৰা হলঃ

ক্ৰমিক নং

উন্নয়নকাৰী খণ্ডৰ নাম

ৰূপায়নকাৰী এছ.ভি.পি.ৰ নাম

অগ্ৰগতিৰ সংক্ষেপ

শিৱসাগৰ

ৰংপূৰ ওৱাইল্ড চিল্ক ফেব্ৰিক কো. লিমিটেড

উমৈহতীয়া সুবিধা কেন্দ্ৰ, সাধাৰণ কৰ্মপজা, সূতা বেংক, চি.এ.টি.ডি. পৰীক্ষাগাৰ, সূতা কটা আৰু পকোৱা গোট, প্ৰদৰ্শনী কোঠা সম্পূৰ্ণ

লাকোৱা

সৃষ্টি হস্ততাঁত লিমিটেড

উমৈহতীয়া সুবিধা কেন্দ্ৰ, ৰঞ্জক গৃহ, সাধাৰণ কৰ্মপজা, চি.এ.টি.ডি. পৰীক্ষাগাৰ, সূতা কটা আৰু পকোৱা গোট, প্ৰদৰ্শনী কোঠা সম্পূৰ্ণ

সোণাৰী

সৃষ্টি হস্ততাঁত লিমিটেড

উমৈহতীয়া সুবিধা কেন্দ্ৰ আৰু সাধাৰণ কৰ্মপজা আদি

ডিমৌ

সৃষ্টি হস্ততাঁত লিমিটেড

-ঐ-

Downloads
TitleSizeDetail
Information on Mega Handloom Cluster582.44 KBswf-image