মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম

পোছাক আৰু বস্ত্ৰ উত্পাদন কেন্দ্ৰ

ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰণালয়ে  ২০১৪-১৫ বিত্তিয় বৰ্ষতে উত্তৰ-পূৱৰ প্ৰতিখন ৰাজ্যতে একোটাকৈ পোছাক আৰু বস্ত্ৰ উত্পাদন কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰি থৈ গৈছে। এনেদৰে অসতো এনে এটা কেন্দ্ৰ স্থাপনৰ বাবেও সুবিধা কৰা হৈছে যাৰ বাবে ৰাজ্যিক মূল সমবায় সমিতি, আৰ্টফেডে গুৱহাটীৰ পশ্চিম বৰাগাঁৱত ভূমিও প্ৰদান কৰি থৈছে। ইয়াৰ বাবে কেন্দ্ৰীয় বস্ত্ৰশিল্প মন্ত্ৰণা0লয়ৰ দ্বাৰা অনুমোদিত পৰা1মৰ্শদাতা প্ৰতিষ্ঠান এম/এছ. এক্চেণ্টাৰে প্ৰস্তোৱো প্ৰস্তুত কৰি উলিয়াইছিল। কেন্দ্ৰীয় চৰকাৰে এই প্ৰস্তাৱত মঞ্জুৰি প্ৰদান কৰাৰ লগতে ১৮.১৮ কোটি টকাৰ বিত্তীয় অংশিদাৰিত্বৰে ইয়াক বাস্তৱায়িত কৰাৰ বাবেও অনুমোদন জনাইছে। আৰ্টফেডকো ইয়াক ৰূপায়নকাৰী প্ৰতিষ্ঠান ৰূপে ঘোষণা কৰে।

এই প্ৰস্তাৱত পোছাক নিৰ্মাণৰ তিনিটা একক অন্তৰ্ভুক্ত কৰা হৈছে যত চিলাই, আৰ্হি প্ৰস্তুতকৰণ, কাটিং, কেলেণ্ডাৰিং, কম্পিউটাৰৰ দ্বাৰা আৰ্হি প্ৰস্তুতকৰণৰ বাবে ১০০টা উচ্চ প্ৰযুক্তিৰ যন্ত্ৰও অন্তৰ্ভুক্ত আছে। ইয়াৰে এটা একক কৌশল বিকাশৰ বাবে আৰু আন দুটা একক বাণিজ্যিক উত্পাদনৰ বাবে প্ৰস্তাৱ কৰা হয়।

মাননীয় কেন্দ্ৰীয় বস্ত্ৰশিল্প মন্ত্ৰীয়ে অসমৰ মূখ্যমন্ত্ৰীৰ সৈতে মিলি ২০১৫ বৰ্ষৰ ১৯ মে তাৰিখে ইয়াৰ আধাৰশিলা স্থাপন কৰে।

ইয়াৰ নিৰ্মাণকাৰ্য্যৰ দায়িত্বও কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰণালয়ে এন.বি.চি.চি.ক অৰ্পন কৰে আৰু নিৰ্মাণ প্ৰতিষ্ঠানটোৱেও সফল ভাৱে ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত দায়িত্ব সম্পূৰ্ণ কৰে। এই ক্ষেত্ৰত অসম চৰকাৰেও কেন্দ্ৰটোলৈ বিদ্যুত্ যোগান, পানী যোগান আৰু পথৰ ব্যৱস্থা কৰাত সহায় আগবঢ়াই।

 অসম হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সচিবৰ অধ্যক্ষতাত ইয়াৰ ৰূপায়ন কাৰ্য্য নিৰীক্ষণৰ বাবে এখন ৰাজ্যিক পৰ্য্যায়ৰ কমিটিও গঠন কৰা হল। সমিতিয়ে বস্ত্ৰশিল্প মন্ত্ৰনালয়ৰ সৈতে মিলি দুই নিলাম প্ৰক্ৰিয়াৰ জৰিয়তে এছ.ভি.পি. কেইটা চুৰান্ত কৰে। সেই অনুযায়ী, গুৱাহাটীৰ এম./এছ. ফেব্ৰিক প্লাছক দুটা বাণিজ্যিক উত্পাদন একক আৰু গুৰগাৱৰ এম./এছ. মোদ লামাক এটা কৌশল বিকাশ একক আৱন্টন কৰা হয়।

দুয়োটা এছ.ভি.পি.কে নিজ নিজ কেন্দ্ৰৰ পৰা উত্পাদন আৰু বিপণন ব্যৱসায় প্ৰতিষ্ঠাৰ বাবে তিনি বছৰৰ বাবে একক কেইটা প্ৰদান কৰা হয়। নিয়মানুসৰী এছ.ভি.পি. কেইটাই তিনিবছৰৰ অন্তত একক কেইটা খালী কৰি নিজৰ নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ অন্য উপযুক্ত স্থানলৈ স্থানান্তৰ কৰিব লাগিব আৰু একেই নিলাম প্ৰক্ৰিয়াৰ জৰিয়তে একক সমূহক পূনৰ নতুন এছ.ভ.পি.ক আগন্তুক তিনি বছৰৰ বাবে প্ৰদান কৰা হব।

চৌহদক গতিশীল আৰু উত্পাদনক্ষম কৰি ৰখাৰ উদ্দেশ্যে আৰ্টফেডে ৰূপায়নকাৰী প্ৰতিষ্ঠানৰ ৰূপত সক্ৰিয় ভূমিকা পালন কৰিব লাগিব।

কেন্দ্ৰীয় বস্ত্ৰশিল্প মন্ত্ৰী স্মৃতি জুবিন ইৰাণীয়ে ২০১৭ চনৰ ২৮ জানুৱাৰী তাৰিখে প্ৰকল্পৰ উদ্ঘাটন কৰে।