অসম হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ে গূৱাহাটী মহানগৰীত ইয়াৰ মূখ্য কাৰ্য্যলয়ৰ সমীপতে এটা হস্ততাঁত অনুসন্ধান আৰু আৰ্হি প্ৰস্তুতকৰণ কেন্দ্ৰও পৰিচালনা কৰি আছে।
এই প্ৰতিষ্ঠানটো ৰং সমন্বয়কৰণৰ লগতে কাপোৰৰ ন ন অত্যাধুনিক আৰ্হি সৃষ্টিৰ ক্ষেত্ৰটো জড়িত। ৰাজ্যখনৰ বিভিন্ন জনজাতিৰ পূৰণিকলীয়া আৰ্হিপ্ৰস্তুতকৰণৰ পদ্ধতিসমূহৰ সংৰক্ষণ আৰু কম্পিউটাৰ ব্যৱহাৰৰ জৰিয়তে ইয়াৰ উন্নয়ন সাধনৰ দায়িত্বও পালন কৰে এই প্ৰতিষ্ঠানে। হস্ততাঁত প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণাৰ্থী শিল্পী সকলক ৰূপাংকণ বিকাশৰ প্ৰশিক্ষণো প্ৰদান কৰা হয়। এই প্ৰতিষ্ঠানসমূহত ৰং সমন্বয়কৰণৰ লগতে হস্তচালিত ৰূপত লেখচিত্ৰৰ জৰিয়তে আৰ্হি প্ৰস্তুতি উন্নয়নৰ শিক্ষাও প্ৰদান কৰা হয়। জেকুৱাৰ্ড সংলগ্ন মাধ্যমত ৰূপাংকণ বয়নৰ বাবে হস্তচালিত পুস্তিকা চিদ্ৰনৰ ব্যৱহাৰিক প্ৰশিক্ষণো প্ৰদান কৰা হয়।
কেন্দ্ৰীয় চৰকাৰৰ গোট আঁচনিৰ অধীনত কম্পিউটাৰ যুক্ত বস্ত্ৰশিল্প আৰ্হি প্ৰস্তুকৰণ প্ৰতিষ্ঠা কৰাৰো সুবিধা আছে যত উন্নত প্ৰযুক্তিৰ কম্পিউটাৰ চফ্টৱেৰ ব্যৱহাৰ কৰি এই আৰ্হি সমূহ বিকাশ ঘটাব পাৰি। বিকাশ ঘটোৱা আৰ্হি সমূহ ফ্লাই চাটল ফ্ৰেম তাঁতত জেকুৱাৰ্ড সংলগ্ন মাধ্যমেৰে কাপুৰলৈ ৰূপান্তৰ কৰা হয়।